August 12, 2025 9:10 PM

views 16

বাংলাদেশৰ পৰা মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিত নতুন নিষেধাজ্ঞা আৰোপ

চৰকাৰে বাংলাদেশৰ পৰা কেতবোৰ মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে কালি জাৰি কৰা এখন নিৰ্দেশনাত এইবুলি কোৱা হৈছে যে, মৰাপাটৰ কাপোৰ, সুতলি, ৰচী আৰু বেগ আদি সামগ্ৰীসমূহ শীঘ্ৰেই কাৰ্য্যকৰী হোৱাকৈ কেৱল মহাৰাষ্ট্ৰৰ হাৱা সেৱা বন্দৰ হৈহে ভাৰতত প্ৰৱেশ কৰিব পাৰিব। ভাৰত-বাংলাদেশ সীমান্ত হৈ স্থলপথেৰে সামগ্রী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চলিত বৰ্ষৰ ২৭ জুনত প্ৰকাশ হোৱা নিৰ্দেশনা অনুসৰি, অন্যান্য চৰ্ত তথা নিয়মাৱলীসমূহ পূৰ্বৰ দৰেই বাহাল থাকি...

May 19, 2025 1:37 PM

views 20

বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ

বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। এই অনুসৰি এতিয়াৰে পৰা বাংলাদেশৰ বস্ত্র, খাদ্য বস্তু, পানীয় আৰু প্লাষ্টিকৰ সামগ্রী উত্তৰ-পূৰ্বাঞ্চলৰ স্থলপথেৰে ভাৰতলৈ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশখনে এই সামগ্রীসমূহ এতিয়াৰে পৰা কেৱল মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ আৰু কলকাতাৰ সামুদ্রিক বন্দৰৰ মাজেৰেহে ভাৰতলৈ ৰপ্তানি কৰিব পাৰিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ...