September 29, 2024 12:12 PM
2
বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগৰ স্থান লাভ
ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশে প্রথম ইনিংছত তিনি উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১০৭ ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, বাংলাদেশে প্রথমে বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰি প্ৰথম দিনাৰ খেলৰ অন্তত তিনি উইকেটৰ বিনিময়ত ১০৭ ৰান কৰিছিল। বাংলাদেশৰ হৈ মমিউল হকে ৪০ ৰাণ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি খেলি আছিল। ঘৰুৱা দল ভাৰতৰ হৈ আকাশ দীপে দু...