December 16, 2024 8:03 PM

views 36

ব্ৰীজবেন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম ইনিংছত ভাৰতৰ বেটিং বিপৰ্যয়

ব্ৰীজবেন টেষ্টত আজি ভাৰতে-অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৪৫ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি বৰ্ষাবিঘ্নীত তৃতীয় দিনাৰ খেলৰ অন্তত ৪ উইকেটৰ বিনিময়ত ৫১ ৰাণ সংগ্ৰহ কৰিছে। ভাৰত এতিয়াও অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্ক'ৰতকৈ ৩৯৪ ৰাণত পিছপৰি আছে। তৃতীয় দিনৰ খেল সামৰণি পৰাৰ সময়ত কে এল ৰাহুলে ৩৩ ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই কোনো ৰাণ নকৰাকৈ বেট ধৰি আছিল। ইয়াৰ পূৰ্বে যশস্বী জয়ছোৱালে ৪, শুভমন গিলে ১, বিৰাট কোহলিয়ে ৩ আৰু ৰিষভ পণ্টে ৯ ৰাণ কৰি আউট হয়। ইয়াৰ আগতে আজি পুৱা কালিৰ ৪০৫ ৰাণৰ পৰা খেলিবলৈ লৈ অষ্ট্ৰেলিয...