August 14, 2024 12:12 PM

views 17

সন্ত্ৰাসবাদক সমূলঞ্চে উৎখাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাত ভাৰত-অষ্ট্ৰেলিয়াৰ গুৰুত্ব আৰোপ

ভাৰত আৰু অষ্ট্ৰেলিয়াই সকলোধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদক সমূলঞ্চে উৎখাত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী যুটীয়া কাৰ্যগোটৰ চতুৰ্দশ বৈঠকৰ অন্তত দুয়োখন দেশে এইদৰে বিবৃতি দিছে। বিদেশ মন্ত্রালয়ে কৈছে যে দুয়ো পক্ষই সীমান্তৰে সন্ত্ৰাসবাদ চলোৱাৰ বাবে ছদ্মবেশী সন্ত্ৰাসবাদী ব্যৱহাৰক গৰিহণা দিছে। দুয়োখন দেশে লগতে ঘৰুৱা, আঞ্চলিক আৰু গোলকীয় সন্ত্ৰাসবাদৰ ভাবুকিৰ মূল্যায়ন সন্দ...