October 19, 2025 8:06 PM

views 29

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতৰ ৭ উইকেট পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ডি এল এছ পদ্ধতিৰ সহায়ত অষ্ট্ৰেলিয়াই ২১ অভাৰ এটা বলত ১৩১ ৰানত বিজয় সাব্যস্ত কৰে। বৰষুণৰ বাবে খেলখন ২৬ অভাৰলৈ সীমিত কৰাত ভাৰতে প্রথমে বেট ধৰি ৯টা উইকেটৰ বিনিময়ত ১৩৬ ৰান সংগ্ৰহ কৰে। দেশ দুখনৰ মাজৰ দ্বিতীয়খন এদিনীয়া ২৩ অক্টোবৰত এডিলেইডত অনুষ্ঠিত হ'ব।