July 26, 2025 10:25 AM

views 11

কৃষি, মীন পালন, ভাৰতীয় ফাৰ্মাক’পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত কেইবাখনো বুজাবুজি চুক্তিত ভাৰত আৰু মালদ্বীপৰ স্বাক্ষৰ

ভাৰতে কালি মালদ্বীপৰ সৈতে কৃষি আৰু মীন পালন, ভাৰতীয় ফাৰ্মাক'পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তি আৰু আন তিনিখন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ভাৰতে মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ সুদবিহীন ঋণ আগবঢ়াইছে। দুয়োখন দেশৰ মাজত ভাৰত-মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্রাসঙ্গিক নীতি-নিয়মসমূহো আলোচনা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৱে কালি দেশখনৰ ৰাজধানী মালেৰ ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ত প্রতিনিধি পৰ্য্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্...