January 14, 2026 11:44 AM

views 8

আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ’ৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰৰ টেলিফোনিক বার্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে কালি আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ'ৰ সৈতে টেলিফোনিক বার্তালাপত বাণিজ্য, গুৰুত্বপূৰ্ণ খনিজ পদার্থ, পাৰমাণৱিক শক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতত আমেৰিকাৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত চাৰ্জিঅ' গৰে বাণিজ্য বিষয়ত দুয়োপক্ষৰ মাজত যোগাযোগ হ'ব বুলি কোৱাৰ এদিন পিছতে দুয়ো জন নেতাৰ মাজত এই বার্তালাপ সম্পন্ন হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ শ্ৰী ৰুবিঅ'ৰ সৈতে ভাল দৰে কথা-বতৰা পাতে আৰু তেওঁলোকে নিয়মীয়া যোগাযোগত থাকিবলৈ সন...

October 14, 2025 8:19 PM

views 16

কাইলৈৰ পৰা ভাৰতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা পুনৰ আৰম্ভ

ভাৰতে কাইলৈৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা পুনৰ আৰম্ভ কৰিব। যোগাযোগ মন্ধ্যালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত এইবুলি জনাইছে যে, ভাৰতীয় ডাক বিভাগে বিশদ প্রণালী উন্নয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষা বিভাগৰ সৈতে সমন্বয়েৰে প্ৰদান শুল্ক আদায় প্রক্ৰিয়াৰ বাবে এটা অনুপালন ব্যবস্থা গঢ়ি তুলিছ। মন্ত্র্যালয়ে কৈছে, যে নতুন ব্যবস্থাই নিয়ন্ত্রণ বিষয়ক নীতি-নিয়মসমূহৰ পালন, সীমা শুল্ক বিভাগৰ ক্ষীপ্র অনুমোদন আৰু কোনো ধৰণৰ অতিৰিক্ত শুল্ক বা বিলম্ব অবিহনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

December 27, 2024 7:09 PM

views 16

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদিশিক সচিব এণ্টনী ক্লিনকেনৰ সৈতে মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাছিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদিশিক সচিব এণ্টনী ক্লিনকেনৰ সৈতে বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে, বৈঠকত বিগত ৪ বছৰত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ দেশ দুখনৰ পাৰস্পৰিক স্বাৰ্থৰ লগতে বিশ্বৰ হিত সাধন কৰিব বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।