August 14, 2024 11:59 AM

views 10

নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ অসমৰ পৰা ৭০গৰাকী ব্যক্তি আমন্ত্ৰিত

নতুন দিল্লীত কাইলৈ অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰাৰ বাবে অসমৰ পৰা বিভিন্ন ক্ষেত্ৰৰ ৭০ গৰাকী ব্যক্তি আমন্ত্ৰিত হৈছে। উল্লেখযোগ্য যে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ দেশৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা মুঠ ছহেজাৰ গৰাকী লোকক বিশিষ্ট অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। এইসকলৰ ভিতৰত মহিলা, যুৱক, কৃষক, আশাকর্মী, অংগনৱাড়ী কর্মী, নিটি আয়োগ, পঞ্চায়তৰ প্ৰতিনিধি আৰু স্বাধীনতা দিৱস কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ পৰা বিভিন্ন লোকক আমন্ত্ৰণ জনোৱা হৈছে। ...