August 19, 2024 11:58 AM August 19, 2024 11:58 AM
9
স্বাধীনতা দিৱসৰ দিনা উদ্ধাৰ হোৱা বোমাসদৃশ সামগ্ৰীৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ তদন্ত গোট গঠন
স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ ২৪ স্থানত উদ্ধাৰ হোৱা বোমা সদৃশ সামগ্ৰীৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীয়ে বিশেষ তদন্ত গোট গঠন কৰিছে বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিত সিঙে প্রকাশ কৰে। এই গোটটোৱে বোমা সদৃশ সামগ্রী উদ্ধাৰৰ লগতে সম্পর্কীত সকলো দিশ তদন্ত কৰাৰ উপৰিও অসম আৰক্ষীয়ে ৰাজ্যৰ সকলো লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ত উজনি অসমৰ ৫ জিলাৰ আৰক্ষী অধীক্ষক তথা থানা আৰু আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত পর্যাল...