August 14, 2025 8:31 PM August 14, 2025 8:31 PM

views 17

লালকিল্লাৰ প্ৰাচীৰত কাইলৈ প্রধানমন্ত্ৰীৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

সমগ্র দেশে কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘নতুন ভাৰত’। এই উদযাপনে সমৃদ্ধিশালী, সুৰক্ষিত আৰু সাহসী নতুন ভাৰতৰ ক্ৰমৱবৰ্ধমান উত্থানৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে নতুন শক্তি য...

August 14, 2025 7:19 PM August 14, 2025 7:19 PM

views 9

বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ ল'ব। পুৱা ৯ বজাত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্রহণ কৰিব। এই অনুষ্ঠানত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰিব। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত পুৱা ১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগ...

August 13, 2025 12:52 PM August 13, 2025 12:52 PM

views 9

ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতো স্বাধ...

August 11, 2025 7:21 PM August 11, 2025 7:21 PM

views 16

স্বাধীনতা দিৱসলৈ মাজত মাথো ৩ টা দিন বাকী

স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশৰূপে চাইকেল সমদলৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্রস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত খাদী ব'ৰ্ডৰ বিপণন শাখাৰ ভাৰপ্ৰাপ্ত বি...

August 11, 2025 11:56 AM August 11, 2025 11:56 AM

views 11

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

● স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূল কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। বিশেষকৈ পাইপলাইন, ৰে'ল পথ, ৰে'ল ষ্টেচন, বাছ আস্থান, দলং আদিৰ দৰে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে। একেদৰে অসম সংলগ্ন আন্তঃৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক সীমান্...

August 4, 2025 12:54 PM August 4, 2025 12:54 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত ২২টাকৈ আই ডি উদ্ধাৰ হোৱাৰ পাছত এইবাৰ যাতে উগ্ৰপন্থী সংগঠনে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পূৰ্বৰে পৰা সতর্কতা অৱলম্বন কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুৱাহাটী পৌৰ নিগমৰ সৈতে বিভিন্ন স্থানত পদপথৰ দোকান উচ্ছেদ কৰিছে। তদুপৰি পদপথৰ দোকানসমূহৰ আৱৰ্জনাত যাতে উগ্ৰপন্থীয়ে বোমা সংস্থাপন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৱৰ্জনা আ...

January 15, 2025 11:13 AM January 15, 2025 11:13 AM

views 21

গণৰাজ্য দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্রশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্রথমে বিদ্যালয় পৰ্যায়ত, ইয়াৰ পাছত খণ্ড পৰ্যায়ত আৰু শেষত জিলা ভিত্তিত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ বিজয়ীসকলক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। তিনিচুকীয়াৰ বৰগুৰি আই টি আই খেলপথাৰত হ'বলগীয়া গণৰাজ্য ...

August 13, 2024 3:27 PM August 13, 2024 3:27 PM

views 13

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই মাৰাথনত বহুসংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে৷

August 13, 2024 3:25 PM August 13, 2024 3:25 PM

views 18

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান শ্ৰীনগৰৰ বাক্সি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাই অভিবাদন গ্রহণ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰিব। হাজাৰতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

August 13, 2024 1:50 PM August 13, 2024 1:50 PM

views 25

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।