May 27, 2025 8:35 PM

views 13

আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ৩১ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বৃদ্ধি

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ চি বি ডি টিয়ে এইবছৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ৩১ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। চি বি ডি টিয়ে এটা বিবৃতিযোগে কৈছে, যে ইয়াৰ ফলত সংশ্লিষ্ট পক্ষসমূহে আই টি আৰ দাখিলৰ প্ৰ-পত্ৰৰ গুৰুত্বপূৰ্ণ সংশোধন, যাৱতীয় প্ৰণালীৰ উন্নয়নৰ আৱশ্যকতা আৰু টি ডি এছ ক্রেডিট ৰিফ্লেক্সনৰ বাবে অধিক সময় লাভ কৰিব।