August 11, 2025 9:15 PM

views 10

লোকসভাত কৰ আৰোপন সংশোধনী বিধেয়ক ২০২৫ আৰু সংশোধিত আয়কৰ বিধেয়ক ২০২৫ মৌখিক ভোটত গৃহীত

লোকসভাই আজি কৰ আৰোপন সংশোধনী বিধেয়ক ২০২৫ আৰু সংশোধিত আয়কৰ বিধেয়ক ২০২৫ মৌখিক ভোটত গৃহীত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজতে বিধেয়ককেইখন সদনত উত্থাপন কৰে। আয়কৰ বিধেয়ক ২০২৫ ৰ মূল উদ্দেশ্য হৈছে আয়কৰ সম্পৰ্কীয় আইনখন একত্ৰিত আৰু সংশোধন কৰা। আনহাতে, কৰ আইন সংশোধনী বিধেয়ক ২০২৫য়ে আয়কৰ আইন ১৯৬১ আৰু বিত্ত আইন ২০২৫ সংশোধন কৰিব।