April 16, 2025 8:14 PM

views 24

নতুন দিল্লীৰ সংসদ ভৱনত নতুন আয়কৰ বিধেয়ক ২০২৫ সন্দৰ্ভত বৈঠক

নতুন দিল্লীৰ সংসদ ভৱনত নতুন আয়কৰ বিধেয়ক ২০২৫ ৰ লোকসভাৰ নিৰ্বাচিত কমিটিয়ে আজি এখন বৈঠকত মিলিত হয়। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা হৈছে ৩১ গৰাকী সদস্যৰে গঠিত এই কমিটিখনৰ মূৰববী। কমিটিখনে সংসদৰ বৰ্ষাকালীন অধিবেশনত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব। আয়কৰ বিধেয়ক ২০২৫ য়ে আয়কৰৰ লগত জড়িত সকলো আইন সংশোধন আৰু একত্ৰিকৰণ কৰিব। সংসদৰ বাজেট অধিবেশনত লোকসভাত এই বিধেয়কখন উত্থাপন কৰা হৈছে। পাছলৈ এই আইনখনৰ খচৰা নিৰ্বাচিত কমিটিলৈ পঠোৱা হৈছিল।