February 5, 2025 1:11 PM February 5, 2025 1:11 PM

views 8

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পৰ অধীনত বিমান বন্দৰটোৰ সন্মুখৰ এলেকা ২৭০ বর্গমিটাৰৰ পৰা এহেজাৰ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে। তদুপৰি প্ৰায় ৯০০ বর্গমিটাৰৰ অতিৰিক্ত পদপথৰো ব্যৱস্থা কৰা হৈছে। চাৰিখন নতুন ডিজি যাত্রা প্রবেশদ্বাৰকে ধৰি বিমান বন্দৰৰ প্ৰবেশ পথ ৮টাৰ পৰা ১৪টালৈ আৰু প্ৰস্থানৰ পথ ৩টাৰ পৰা চাৰিটালৈ বৃদ্ধি কৰা হৈছে। একেদৰে বিমান বন্দৰৰ নিৰাপত্তা প্ৰৱেশ এলেকা ৩০০ৰ পৰা...