January 21, 2025 8:31 PM January 21, 2025 8:31 PM
7
বিজনীৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্রাৱাস ইৰাকদাও ভৱন উদ্বোধন
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী হাৱাৰ গাঁৱত অৱস্থিত নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্রাবাস ইৰাকদাও ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত শ্ৰী বড়োৱে বিদ্যালয়খনে বিটিচিৰ লগতে উত্তৰ-পূবৰ বাবে যথেষ্ট সংখ্যক সেনা-বিষয়া সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত সাংসদ জয়ন্ত বসুমতাৰী, বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰীকে ধৰি স্কুল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।