June 15, 2024 6:38 PM

views 11

শিৱসাগৰৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱন মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ভৱনটো উদ্বোধন কৰাৰ লগে লগে সকলো ন্যায়িক কার্য একেটা ভৱনতে সম্পন্ন হ'ব। আদালত ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে আইনী আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ৰাজ্যত ন্যায়ৰ সুবিধা সুনিশ্চিত কৰাৰ চেষ্টা চলাই আহিছে। তেওঁ অধিবক্তাসকলক নতুন ন্যায় সংহিতা দৰ্শনৰ লগত সংপৃক্ত হৈ জনসাধাৰণক ক্ষিপ্ৰভ...