November 23, 2024 8:52 PM

views 13

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী, পদ্মশ্ৰী ইমৰাণ শ্বাহৰ আজি ৯২সংখ্যক ওপজা দিন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইমৰাণ শ্বাহৰ আজি ৯২সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ ধাইআলিত থকা তেওঁৰ বাসভৱনত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত গুণমুগ্ধসকলে তেওঁক কিতাপৰ টোপোলা, গামোচা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ ৰচনাৱলীৰ তৃতীয় খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ৰামধেনু যুগৰ এগৰাকী অন্যতম শ্রেষ্ঠ গল্পকাৰ ইমৰাণ শ্বাহৰ ৮খন গল্প সংকলন, ১০খন উপন্যাস, ২খন প্ৰৱন্ধ সংকলন, এখন জীৱনীকে ধৰ...