November 6, 2025 2:49 PM

views 34

আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি ইম্ফলৰ চিটী কনভেনচন চেণ্টাৰত অনুষ্ঠিত আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানত আকাশবাণী ইম্ফলে আগবঢ়োৱা ৬০ বছৰজোৰা সেৱাৰ বিষয়ে আলোকপাত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যপালগৰাকীয়ে হীৰক জয়ন্তী স্মৰণিকা উন্মোচন কৰে আৰু আকাশবাণী ইম্ফলৰ বিষয়া আৰু হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰযোজকসকলৰ মাজত প্ৰশস্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব অনুৰাগ বাজপেয়ী, আকাশবাণীৰ সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰ জৈন, আকাশবাণীৰ উত্তৰ-পূব সংমণ...

December 26, 2024 12:34 PM

views 28

সেনা আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত ইম্ফলৰ চূড়াচান্দপুৰ পথত বিস্ফোৰক সামগ্ৰী জব্দ

সেনা আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি ইম্ফলৰ চূড়াচান্দপুৰ পথৰ এখন দলঙৰ তলৰ পৰা ৩. ৬ কিলোগ্ৰাম বিস্ফোৰক, ডিট’নেটৰ, কৰ্ডটেক্স আৰু অন্যান্য সামগ্রী জব্দ কৰে। সেনা আৰু আৰক্ষীৰ যুটীয়া দল এটাই গোপন তথ্যৰ পম খেদি এই বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে। সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি এই বিস্ফোৰক স্থাপন কৰিছিল বুলি সন্দেহ কৰা হৈছে।