August 24, 2024 9:13 PM

views 25

ছত্তীশগড়, ওড়িশা, পশ্চিম ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু পশ্চিমবংগত কাইলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চট্টিশগড়, ওড়িশা, পশ্চিম ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু পশ্চিমবংগৰ কিছু অঞ্চলত কাইলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। তদুপৰি মিজোৰাম, ত্ৰিপুৰা, গুজৰাট, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰটো অহা দুদিনত ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে এই সপ্তাহত হিমাচল প্রদেশ, উত্তৰাখণ্ড, পূব ৰাজস্থান, জম্মু-কাশ্মীৰ, গিলগিট, পঞ্জাব, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু দিল্লীত মজলীয়া বৰষুণ হ'ব বুলি আগজাননী দিছে।