September 24, 2025 12:24 PM

views 33

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতর্কবাণী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ পশ্চিমবংগ, ওড়িশা আৰু ছত্তিশগড়ৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে আজি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্রদেশ, তেলেংগানা আৰু বিদৰ্ভতো ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দিছে। আজিৰে পৰা পৰৱৰ্তী ৩-৪ দিনলৈ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল আৰু পশ্চিমবংগৰ গংগা নৈৰ নিকটৱৰ্তী অঞ্চলসমূহত ধুমুহা-বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকাও বিভাগে প্ৰকাশ কৰিছে।