September 3, 2024 6:15 PM

views 30

আজি আৰু কাইলৈ গুৱাহাটীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱা আগজাননী দিছে। বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি অহা ২৪ ঘণ্টাৰ ভিতৰত অঞ্চলটোত ৭ৰ পৰা ১১ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে অঞ্চলটোত ৰাস্তাঘাটত পানী হোৱাৰ লগতে দিছপুৰ তথা ইয়াৰ কাষৰীয়া অঞ্চলত বৰষুণৰ পানী জমা হোৱাৰ সম্ভাৱনা আছে। মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ ৰাস্তা-ঘাটৰ ক্ষতি হোৱাৰ লগতে আবদ্ধ পানীয়ে যানযটৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে।

August 31, 2024 8:14 PM

views 24

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যৌথভাৱে জাৰি কৰা সতর্কতামূলক জাননী উল্লেখ কৰা অনুসৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত বাটপথত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ উপৰি দিছপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ কেতবোৰ এলেকা পানীৰে উপচি পৰাৰ সম্ভাৱনা আছে। ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱ...

August 21, 2024 12:20 PM

views 47

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো পৰহি নিশাৰেপৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰি, শিলপুখুৰী, ছয়মাইল, পাঞ্জাবাৰী, বেলতলা আদি বিভিন্ন অঞ্চল জলমগ্ন হৈ প...

August 20, 2024 8:08 PM

views 29

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ভালেমান অঞ্চল বানত বুৰ গৈছে। গুৱাহাটী মহানগৰীৰ হাতীগাঁও, ৰুক্মিনীগাঁও, পাঞ্জাবাৰী, নবীন নগৰ, অনিল নগৰ, চানমাৰি আদি অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে৷ একেদৰে যোৰাবাটত হোৱা কৃত্রিম বানৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে। মাজ নিশাৰে পৰা হৈ থকা বৰষুণৰ পাছতে যোৰাবাটৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃত্রিম বানৰ সৃষ্টি হয় ৷ ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰ...

August 18, 2024 11:41 AM

views 33

পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় উত্তৰ, উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হোৱাৰ আৰু কাইলৈৰ ভিতৰত বাংলাদেশ আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ এলেকাসমূহত গভীৰ নিম্নচাপলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত ২০ আগষ্ট পর্যন্ত অসম, মেঘালয়, নাগালেও, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ হিমালয় তথা গংগা নৈৰ কাষৰীয়া এলেকাসমূহত ব...

August 6, 2024 8:46 PM

views 33

উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগৰ মতে অসমকে ধৰি অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু ছিকিমত অহা ১০ আগষ্টলৈকে পাতলীয়া তথা সময়ে সময়ে মুষলধাৰে বৰষুণ হ'ব বুলি সতর্কতা জাৰি কৰিছে।

July 16, 2024 1:53 PM

views 40

দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাত আশংকা প্রকাশ কৰিছে। বিভাগে কৈছে যে কংকান, গোৱা, মধ্য মহাৰাষ্ট্ৰ, গুজৰাট, দক্ষিণ কৰ্ণাটক আৰু ইয়াৰ উপকূলীয় অঞ্চল, সৌৰাষ্ট্ৰ আৰু কুটচৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা অহা শুকুৰবাৰলৈ তেলেংগানা, অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চল, য়ানাম, ছত্তীশগড় আৰু উত্তৰ কৰ্ণাটকতো প্ৰৱল বৃষ্টিপাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সতর্কবাণী জাৰি কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণীয়ে ...

July 3, 2024 6:15 PM

views 23

দক্ষিণ-পশ্চিম মৌচুমী বতাহজাক ৰাজস্থান, হাৰিয়ানা, পাঞ্জাবৰ অৱশিষ্ট অংশসমূহৰ দিশে অগ্ৰসৰ

দক্ষিণ-পশ্চিম মৌচুমী বতাহ সম্প্ৰতি ৰাজস্থান, হাৰিয়ানা আৰু পাঞ্জাবৰ অৱশিষ্ট অংশসমূহৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে সমগ্ৰ দেশতে স্বাভাৱিকতকৈ ছদিন পূর্বে দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱাহিত হৈছে। বিভাগটোৰ শেহতীয়া তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত পৰৱৰ্তী চাৰিটা দিনত মজলীয়াৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দেশৰ উত্তৰ-পশ্চিম আৰু মধ্য অংশতো গাজনি, ঢেৰেকণি আৰু বিজুলীৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে আজি দিনট...

July 3, 2024 1:05 PM

views 31

অসম, মেঘালয় আৰু উত্তৰাখণ্ডৰ ৰাজ্য কেইখনত ৰেড এলার্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম, মেঘালয় আৰু উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ আগজাননীৰে ৰাজ্য কেইখনত ৰেড এলার্ট জাৰি কৰিছে। কেন্দ্ৰটোৱে হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অহা তিনি-চাৰিদিনলৈ ধাৰাসাৰ বৰষুণ হ'ব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। ইফালে, বৰঝাৰস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ৬ জুলাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, চিৰাং, বাকছা, ধুবু...

July 1, 2024 12:42 PM

views 114

উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে এই খণ্ড কেইটাত অ'ৰেঞ্জ আৰু ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডিগড়, পূব ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বেছি ভাগ অঞ্চলতে অহা তিনিদিনলৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে। ইপিনে, পূব আৰু উত্তৰ পূব ভাৰতৰ বিহাৰ, পশ্চিমবংগ, চিকিম, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা...