June 19, 2025 12:12 PM

views 36

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্রিপুরা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দ...

June 11, 2025 9:21 PM

views 37

গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত পাৰস্তম্ভৰ ৩৮ ডিগ্রী ছেলছিয়াছ স্পৰ্শ

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ প্ৰায়বোৰ অঞ্চল আজি প্ৰচণ্ড গৰমৰ প্ৰভাৱত পৰিছে। উজনি অসম আৰু উত্তৰ অসমৰো বিভিন্ন অঞ্চলত আজি পাৰস্তম্ভই ৩৮ ডিগ্রী ছেলছিয়াছ চুইছেগৈ। ইয়াৰ লগতে বতাহত আপেক্ষিক আর্দ্রতাৰ পৰিমাণ ৬০ শতাংশ অতিক্ৰম কৰাত জনসাধাৰণে অধিক উষ্ণতাৰ পৰিৱেশত থকা যেন অনুভৱ কৰিছে। অহা দুদিনলৈ ৰাজ্যখনলৈ এনে তীব্ৰ গৰমৰ পৰিৱেশ বৰ্তি থাকিব।

June 10, 2025 12:24 PM

views 26

দেশৰ উত্তৰ পশ্চিম প্রান্তত গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে কৰ্ণাটকৰ উপকূলীয় তথা অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, ওড়িশা, ৰায়ালাছিমা, তামিলনাড়ু, পুডুচেৰী আৰু কৰাইকালৰ অঞ্চলবিশেষে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতর্কবাণী জাৰি কৰিছে। পৰৱৰ্তী দুটা দিনত অন্ধ্ৰপ্ৰদেশৰ কিছু উপকূলীয় অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছট্টিশগড়, ঝাৰখণ্ড, মাৰাথৱাৰা, ৰায়ালাচিমা আৰু মধ্য মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব পাৰে বুলি বিভাগে জানিবলৈ দিছে। ইপিনে, অহা চাৰি-পাঁচদিনলৈ বিভাগটোৱে দেশৰ উত্তৰ পশ্চিম প্রান্...

June 3, 2025 1:21 PM

views 24

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি আজি অৰুণাচল প্ৰদেশ, পূব ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, কেৰালা, মাহে, গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড আদি অঞ্চলতো মুষলধাৰ বৰষুণ হ'ব পাৰে। ইপিনে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান-মুজাফ্‌ফ্ফৰাবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ ঠাই বিশেষে আজি ধুমুহা-বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিৰ আশংকা আছে বুলি বিভাগ...

June 1, 2025 3:28 PM

views 36

উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ৰাজ্যত বৰষুণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

● উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ৰাজ্যত কেইবাদিনো ধৰি হৈ থকা মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে। অঞ্চলটোত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত হোৱা ভূমিস্খলন, ঘৰ খহি পৰা আৰু ডুব যোৱাৰ ফলত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ভিতৰত অৰুণাচল প্ৰদেশত ৯ গৰাকী, মেঘালয়ত ৬ গৰাকী, অসম আৰু মিজোৰামত ৫ গৰাকীকৈ আৰু ত্ৰিপুৰা আৰু নাগালেণ্ডত এগৰাকীকৈ লোক নিহত হৈছে। বংগোপসাগৰত সৃষ্টি নিম্ন চাপৰ বাবে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত পথ যোগাযোগ ব্যাহত হৈছে। গৃহ পৰ...

June 1, 2025 1:34 PM

views 45

বতৰৰ বতৰা:

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্রদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

May 27, 2025 11:24 AM

views 44

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

May 21, 2025 9:04 PM

views 26

দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমনৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমন ঘটিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনৰ ভিতৰত বতাহজাকে কেৰালাত প্ৰৱেশ কৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে কৈছে যে, কেৰালাত বতাহজাকৰ আগমনৰ বাবে অনুকুল বাতাবৰণ গঢ়ি উঠিছে। আকাশবাণীৰ সৈতে হোৱা আচুতিয়া কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী নৰেশ কুমাৰে কয় যে দক্ষিণ পশ্চিম মৌচুমী বতাহজাকে পৰৱৰ্তী ৩-৪ দিনৰ ভিতৰত কেৰালাত প্ৰৱেশ কৰা আৰু ইয়াৰ পাছতে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলত ঠাই বিশেষলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে।

May 20, 2025 7:09 PM

views 32

উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানৰ য়েল্ল’ এলাৰ্ট জাৰি

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। যোৱা মাজনিশাৰে পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ হয়। মহানগৰীৰ কোনো কোনো অংশত ১০০ৰ পৰা ১১২.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে অসমৰ সৈতে মেঘালয় আৰু আন কেইবাখনো ৰাজ্যক সংযোগ কৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপ...

May 6, 2025 8:22 AM

views 35

বহুকেইখন ৰাজ্যত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, সৌৰাষ্ট্ৰ, তামিলনাড়ু, পুডুচেৰী, উত্তৰাখণ্ড আৰু পশ্চিম ৰাজস্থানৰ বিভিন্ন অঞ্চলত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। ইপিনে দিল্লী, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ বিভিন্ন অঞ্চলত বিভাগে পৰৱৰ্তী দুই-তিনি দিনত প্ৰবল বতাহৰ লগতে ধুমুহা বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে আজি পূব মধ্যপ্রদেশ, মধ্য মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত শিলাবৃষ্টি হ'ব পাৰে বুলি প্ৰকাশ...