October 8, 2025 7:15 PM

views 36

ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত এছিয়াৰ সৰ্ববৃহৎ দূৰসংযোগ, মিডিয়া আৰু প্রযুক্তি সন্মিলন ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয়, যে দূৰসংযোগ খণ্ডত দেশৰ সাফল্যই আত্ম-নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ শক্তিকে সূচায়। তেওঁ কয়, যে এসময়ত টু জি প্ৰযুক্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন জিলাতে সম্প্রতি ফাইভ জি সেৱাৰ প্ৰৱৰ্তন হৈছে। তেওঁ কয়, যে দেশৰ ডিজিটেল সংযোগ এতিয়া আৰু কোনো বিলাসিতা নহয়, বৰং ই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱনৰ অবিচ্ছেদ্...

September 1, 2025 3:08 PM

views 25

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

■ কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থা আৰু উন্নত নেটৱৰ্কিঙৰ লগতে বিভিন্ন সা-সুবিধা থকা এই এপ্লিকেচনে প্রদর্শনীখনত দৰ্শকক বিশেষ সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ নৱম সংস্কৰণ অহা ৮ৰ পৰা ১১ অক্টোবৰলৈ নতুন দিল্লীত য়শোভূমি কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ'ব। এইবাৰৰ এই প্ৰদৰ্শনীৰ বিষয় হ'ল ৰূপান্তৰৰ বাবে উদ্ভাৱন।