August 17, 2024 7:04 PM August 17, 2024 7:04 PM
18
ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট কাৰ্যসূচী
কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সংস্থাই ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি দেশজুৰি পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ' পি ডি বন্ধ ৰখা হৈছে। সংস্থাটোৱে ভুক্তভোগী চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইন প্রণয়ন কৰিবলৈ আহ্বান জনাইছে। ধর্মঘটৰ অংশ হিচাপে ৰাজ্যতো চিকিৎসসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে। গুৱাহাটী চিকিৎসা মহাবি...