February 16, 2025 9:11 PM
14
আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা এখন বিমান অমৃতসৰত অৱতৰণৰ সম্ভাৱনা
আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা আন এখন বিমান আজি নিশা অমৃতসৰৰ শ্ৰীগুৰুৰাম দাসজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্ৰৰ নিশ্চিত তথ্যৰ ভিত্তিত আমাৰ জলন্ধৰৰ সংবাদদাতাই জনোৱা অনুসৰি বিমানখনত এশ গৰাকীতকৈও অধিক ভাৰতীয় নাগৰিক আছে। ইয়াৰ ভিতৰত ৩০ গৰাকী লোক পঞ্জাৱৰ। বিমানখনত হাৰিয়াণাকে ধৰি কেইবাখনো ৰাজ্যৰ নাগৰিক থকা বুলি জানিব পৰা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে প্ৰৱেশ কৰা ভাৰতীয় লোকক কঢ়িয়াই অনা এয়া তৃতীয়খন বিমান।