December 4, 2024 12:24 PM December 4, 2024 12:24 PM
19
গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানত আয়োজিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সামৰণি
গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান অর্থাৎ আই আই টিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মহোৎসৱে বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয়, যে ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডক সামৰি ২১৯টা বিজ্ঞান কেন্দ্ৰ স্থাপনৰ পাছত এতিয়া প্ৰতিখন জিলাতে বিজ্ঞান কেন্দ্ৰ স্থাপনৰ ব্য...