February 22, 2025 7:17 PM February 22, 2025 7:17 PM
1
আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অৱদান আছে বুলি মন্তব্য কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক বিষয় হিচাপে এই সন্মিলনৰ আয়োজন কৰাৰ পদক্ষেপক প্ৰশংসা কৰে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য, জৈৱ বৈচিত্ৰ্য আৰু যুৱ প্ৰজন্মৰ সামৰ্থ, অঞ্চলটোত দেশৰ অমৃতকালত উন্নয়ন আৰু বিকাশৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ কাৰণ বুল...