August 13, 2025 12:45 PM
21
গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন
কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ'ব। ইয়াৰ আগেয়ে শ্বিলঙত ২০০৭ চনত আই আই এম প্ৰতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানটো নিৰ্মাণত ৫০০ কোটি টকাৰো অধিক ধন ব্যয় কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই পদক্ষেপে গুৱাহাটীত উত্তৰ-পূবৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।...