November 28, 2025 12:39 PM

views 20

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি পৰিব। মহোৎসৱৰ আজি অন্তিম দিনা ফ্রান্স, ছিংগাপুৰ আৰু থাইলেণ্ডৰ যুটীয়া প্রযোজনাৰে নিৰ্মিত থাই ভাষাৰ চিনেমা এ ইউজফুল ঘোষ্ট প্ৰদৰ্শন কৰা হ'ব। কালি মহোৎসৱৰ কলা একাডেমীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত এখন গুৰুত্বপূর্ণ আলোচনাচক্রত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্র নির্মাতাই অংশ লয়। ডমিনিক চাংমাই পৰিচালনা কৰা আলোচনা চক্ৰখনত চলচ্চিত্ৰ নিৰ্মাণৰ খ্যাতিসম্পন্ন সংস্থাৰ পৰা প্ৰশিক্ষণপ্রাপ্ত উত্তৰ-পূৰ্বাঞ্চলৰ ন...

November 29, 2024 10:52 AM

views 19

৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লিথিওনিয়াৰ চিনেমা টক্সিক শ্রেষ্ঠ ছবিৰ সন্মান লাভ

ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লিথিওনিয়াৰ চিনেমা টক্সিকে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে। ক্লেমেণ্ট ফেভোৱে হোলি কাওত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে। গোৱাৰ পানাজিত কালি সমাৰণি পৰা জাকজমকতাপূর্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়।

November 27, 2024 12:19 PM

views 18

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অষ্টম দিন

গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অষ্টম দিনা যদুমণি দত্তই পৰিচালনা কৰা জুইফুল ছবিখন প্ৰদৰ্শিত হ'ব। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখন ইউনেস্ক' গান্ধী মেডেলৰ কাৰণে প্ৰতিযোগিতা শিতানত অৱতীৰ্ণ হৈছে। অসম-নাগালেণ্ডৰ সীমা বিবাদৰ প্ৰেক্ষাপটত দুয়োটা সম্প্রদায়ৰ দুগৰাকী মাতৃৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ আলমত নিৰ্মাণ কৰা চিনেমাখন পৰ্বৰীমৰ প্রদর্শনস্থলীত সন্ধিয়া প্ৰদৰ্শন কৰা হ'ব। উল্লেখযোগ্য যে চলিত বছৰত জুইফুলকে ধৰি অসমীয়া ভাষাৰ তিনিখন চিনেমা ভাৰতীয় পেনোবাম...

November 24, 2024 6:41 PM

views 42

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি স্বৰ্গৰথৰ প্ৰদৰ্শন

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত আজি ৰাজেশ ভূঞাই পৰিচালনা কৰা স্বৰ্গৰথ ছবিখন প্ৰদৰ্শিত হয়। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখনে দেশ-বিদেশৰ বহু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। উল্লেখযোগ্য যে বিগত ২৫ বছৰত এই মহোৎসৱৰ মূল শাখাত স্থান লাভ কৰা স্বৰ্গৰথ হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ। ইয়াৰ আগেয়ে ১৯৯৯ চনত অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা যৌৱনে আমনি কৰে চলচ্চিত্ৰ খন এই মহোৎসৱৰ মূল শাখালৈ বাছনি লাভ কৰিছিল। কালি ড০ ববী শৰ্মা বৰুৱাই পৰিচালনা কৰা ৰ'দৰ পাখি শীৰ্ষক ছবিখন প্ৰদৰ্শন কৰা হয়।...

November 20, 2024 11:54 AM

views 24

গোৱাত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৫ সংখ্যক সংস্কৰণ আৰম্ভ

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- আই এফ এফ আইৰ ৫৫ সংখ্যক সংস্কৰণ আজি গোৱাত আৰম্ভ হ'ব। গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্রমোদ সাৱন্তে কালি এই মহোৎসৱ হ'বলগীয়া ড০ শ্যামা প্রসাদ মুখার্জী ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে।ইপিনে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে আকাশবাণীৰ বাতৰি বিভাগক জনোৱা অনুসৰি মহোৎসৱত এইবেলি ভালেমান নতুন শিতান...