September 25, 2024 12:28 PM

views 27

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ কিৰণ টায়েঙৰ স্বর্ণপদক অৰ্জন

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাৰ ৯৫ কিলোগ্রাম ওজন শাখাত অসমৰ কিৰণ টায়েঙে স্বর্ণপদক অৰ্জন কৰিছে। ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈ মুম্বাইত এই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত অসমৰ মুঠ ৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কিৰণ টায়েং হ’ল এই প্রতিযোগিতাত খিতাপ অৰ্জন কৰা অসমৰ একমাত্ৰ খেলুৱৈ। উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৪০০ৰো অধিক প্ৰতিযোগীয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছিল।