August 20, 2024 5:55 PM

views 29

শ্বেইখ হাছিনাসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত কালি বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্ৰী শ্বেইখ হাছিনা, প্রাক্তন মন্ত্রী অ’বেইদুৰ কাদে, ৰাছিদ খান মেনন আৰু হাছানুল হক ইনুসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল কৰা হৈছে। অভিযোগনামা দাখিল কৰা অন্য আগশাৰীৰ ব্যক্তিসকলৰ ভিতৰত আনোৱাৰ হুছেইন মঞ্জু, অদুজ্জামান খান কামাল, অনিছুল হক, হাছান মেহমুদ, জাহাংগীৰ কবিৰ নানক, মহম্মদ আলী আৰাফাট্, কামাল আহমেদ মজুমদাৰ আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা অল মামুন অন্যতম। অলপতে বৈষম্য...