March 5, 2025 12:18 PM

views 42

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত আজি নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত পাকিস্তানৰ লাহোৰত আজি হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে খেলোৱা হ'ব। আনহেত ডুবাইত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কালি ভাৰতে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে ২৬৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৮ অ’ভাৰ আৰু এটা বলত ছটা উইকেট হেৰুৱাই ২৬৭ ৰান সংগ্রহ কৰে। ভাৰতৰ হৈ বিৰাট কোহলিয়ে সৰ্বাধিক ৮৪ ৰান কৰে...

March 4, 2025 11:01 AM

views 27

দিনৰ ২.৩০ বজাত আই চি চি চেম্পিয়নছৰ প্ৰথমখন ছেমিফাইনেল

● ডুবাইত আজি আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। গ্ৰুপ-এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক ৪৪ ৰাণত পৰাস্ত কৰি আটাইকেইখন মেচত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। নিউজিলেণ্ডে কাইলৈ লাহোৰত গ্ৰুপ-বি বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ সৈতে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব।

February 19, 2025 8:20 PM

views 29

আই চি চি চেম্পিয়নছ ট্রফীত পাকিস্তানক জয়ৰ বাবে ৩২১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ নিউজিলেণ্ডৰ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত আজি নিউজিলেণ্ডে পাকিস্তানক জয়ৰ বাবে ৩২১ ৰাণৰ লক্ষ্য বান্ধি দিছে। পাকিস্তানৰ কৰাচীত অনুষ্ঠিত খেলখনত নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ৩২০ ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ উইলিয়াম ইয়ঙে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। টম লাথামে সৰ্বাধিক ১১৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। পাকিস্তানৰ নছিম শ্বাহ আৰু হাছি ৰওফে দুটাকৈ উইকেট দখল কৰে। এই প্রতিযোগিতাত বিশ্বৰ শীৰ্ষস্থানৰ ৮ খন দেশে অংশ লৈছে। প্রতিযোগ...

January 28, 2025 7:37 PM

views 33

নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা

আন্তর্জাতিক ক্রিকেট পৰিষদ, আই চি চিয়ে নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা কৰিছে। বিগত বৰ্ষৰ ভাল প্ৰদৰ্শন কৰা মহিলা ক্রিকেট খেলুৱৈসকলৰ মাজৰ পৰা নিউজিলেণ্ডৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীক এই সন্মানৰ বাবে বাচনি কৰা হয়। এমিলিয়া কেৰ হৈছে আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰা নিউজলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ।

July 10, 2024 12:44 PM

views 47

যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই-চি-চিয়ে ভাৰতীয় বেগী বলাৰ যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে। যশপ্রীত বুমৰাহে সদ্যসমাপ্ত টি- ২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৮খন খেলত ১৫টা উইকেট দখল কৰিছিল। খেলুৱৈগৰাকী প্লেয়াৰ অব দ্য টুর্ণামেন্ট হিচাপেও ঘোষণা কৰা হৈছিল। আনহাতে, আই-চি-চিয়ে ভাৰতীয় মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানাক জুনৰ বাবে আই-চি -চি মাহটোৰ মহিলা খেলুৱৈ হিচাপে ঘোষণা কৰিছে। খেলুৱৈগৰাকীয়ে ইংলেণ্ডৰ মাইয়া বাউচৰ আৰু শ্ৰীলংকাৰ ৱিশ্মি গুনাৰত্...

June 28, 2024 2:57 PM

views 28

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পা...

June 28, 2024 12:04 PM

views 59

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পাণ্ডিয়াই ১৩ বলত ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ ক্ৰিছ জর্ডানে ৩টা উইকেট দখল কৰে। ৰীচি টোপলে, জোফ্র...

June 21, 2024 1:14 PM

views 31

আই চি চি টি-২০ বিশ্বকাপত ছুপাৰ এইট পর্যায়ৰ এখন খেলত ভাৰতৰ হাতত আফগানিস্তান ৪৭ ৰানত পৰাস্ত

ভাৰতে যোৱা নিশা বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত আজিৰ দুখন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলদেশে প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াক ১৪১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৬ অভাৰত ১টা উইকেট হে...

June 14, 2024 4:31 PM

views 28

আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদিন নাইবে কেৱল ৩৬ টা বলত ৪৯ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাপুৱা নিউগিনিয়ে ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰাণ কৰে। ফজল হক ফাৰুকিয়ে তিনিটা আৰু নবীন-উল হকে দুটা উইকেট ...