November 6, 2025 8:26 PM

views 46

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰা ভাৰতীয় মহিলা দলৰ সদস্যসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয়, যে তেওঁলোকে ইতিহাস ৰচনা কৰিছে আৰু যুৱ প্ৰজন্মৰ বাবে আদর্শ হৈ পৰিছে। তেওঁ কয়, যে ভাৰতীয় মহিলা দলে সমাজৰ বিভিন্ন ক্ষেত্র, সামাজিক পৃষ্ঠভূমি আৰু পৰিস্থিতিক প্রতিনিধিত্ব কৰে আৰু দল হিচাপে সমগ্র দেশৰ বিবিধতাৰ পৰিচায়ক। ভাৰতীয় দলক সাতবাৰৰ বিশ্ব চেম্পিয়ন আৰু অপৰাজেয় অস্ট্রেলিয়াক পৰাভূত কৰি নিজৰ সামৰ্থ্যৰ প্ৰতি ভাৰতব...