June 18, 2024 5:11 PM

views 20

আই চি চি টি-২০ বিশ্বকাপত নেপালক পৰাস্ত কৰি বাংলাদেশৰ অন্তিমটো দল হিচাপে ছুপাৰ-৮ত স্থান লাভ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত স্থান পোৱা দলসমূহ নিশ্চিত কৰা হৈছে। বাংলাদেশে নেপালক পৰাস্ত কৰি অন্তিমটো দল হিচাপে ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাত ছুপাৰ এইট পর্যায়ৰ খেলসমূহ কাইলৈ আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰিব। এই পৰ্যায়ৰ প্ৰথমটো গ্ৰুপত ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত কাইলৈ আমেৰিকা ...

June 17, 2024 12:01 PM

views 15

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত পাকিস্তানৰ হাতত আয়াৰলেণ্ড তিনি উইকেটত পৰাস্ত

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ ফ্ল'ৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক তিনি উইকেটত পৰাস্ত কৰে। ১০৭ ৰানৰ লক্ষ্য সমুখত লৈ পাকিস্তানে ১৮ অভাৰ ৫ টা বলত ৭টা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে ৩২ ৰান কৰি অপৰাজিত হৈ ৰয়। আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থীয়ে ৩টা আৰু কাৰ্টিছ কেম্পাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক আডাইৰ আৰু বেঞ্জামিন হোৱাইটে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। প্রথমে বেটিং কৰি আয়াৰলেণ্ডে ...

June 15, 2024 12:37 PM

views 23

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 14, 2024 7:55 PM

views 21

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত ওমানে ১৩ দশমিক ২ অভাৰত ৪৭ ৰান সংগ্ৰক কৰাৰ বিপৰীতে ইংলেে ৩ দশমিক ১ অভাৰত দুটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। আন খেল নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্...

June 14, 2024 4:31 PM

views 21

আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদিন নাইবে কেৱল ৩৬ টা বলত ৪৯ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাপুৱা নিউগিনিয়ে ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰাণ কৰে। ফজল হক ফাৰুকিয়ে তিনিটা আৰু নবীন-উল হকে দুটা উইকেট ...

June 13, 2024 4:49 PM

views 6

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি নিউজিলেণ্ডক ১৫০ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাডাৰফ’ৰ্ডে ৩৯ টা বলত ৬৮ ৰান...

June 6, 2024 11:45 AM

views 18

আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে যোৱানিশা নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আয়াৰলেণ্ডে ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হার্দিক পাণ্ডিয়াই ৩টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্রীত বুমৰাহ আৰু অর্শদীপ সিঙে দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১২ অভাৰ আৰু দুটা বলত অধিনায়ক ৰোহিত শৰ্মাৰ ৫২ আৰু ঋষভ পণ্টৰ ৩৬ ৰানৰ সহায়ত দ...