June 25, 2024 6:55 PM

views 30

টি-২০ বিশ্বকাপত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অর্জন

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৮ ৰানত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত আফগানিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত ৫ টা উইকেটৰ বিনিময়ত ১১৫ ৰান সংগ্ৰহ কৰে। খেলখনত বৰষুণে ব...

June 22, 2024 7:06 PM

views 27

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ

আজি পুৱা বাৰবাডোছৰ কেনছিংটন অভেলত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আয়োজক ৱেষ্ট ইণ্ডিজে আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১২৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০ অভাৰ ৫টা বলতে ১৩০ ৰান কৰি খেলখনত বিজয়ী হয়। দলটোৰ হৈ ছাই হ’পে ৩৯ টা বলত ৮২ ৰান কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰি ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে। বেষ্ট ইণ্ডিজৰ ৰ'ষ্টন চেজে তিনিটা উইকেট দখল কৰে আৰু তেওঁ প্লেয়াৰ অৱ দ্যা মেচ হিচাপে ঘোষণা কৰ...