June 22, 2024 7:08 PM June 22, 2024 7:08 PM

views 12

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত আজি ভাৰত-বাংলাদেশৰ মেচ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ছেমিফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ভাৰতীয় দলটোৱে এই খেলখনত জয়ী হ'বলৈ সৰ্বশক্তিৰে চেষ্টা কৰিব। ছুপাৰ-এইটৰ প্ৰথমখন খেলত ভাৰতে আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰিছিল। আনহাতে কালি হোৱা এখন খেলত বাংলাদেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ডি এল এছ পদ্ধতিত ২৮ ৰানত পৰাজিত হৈছিল। আজিৰ খেলখনত পৰ...