June 20, 2024 12:02 PM

views 23

আই চি চি বিশ্বকাপ ক্ৰিকেটৰ ছুপাৰ এইটৰ খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ১৮ ৰাণত পৰাস্ত দক্ষিণ আফ্ৰিকাৰ; আজি ভাৰত-আফগানিস্তানৰ মেচ

দক্ষিণ আফ্রিকাই যোৱা নিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ১৮ ৰাণত পৰাস্ত কৰে। আমেৰিকাই ১৯৫ ৰাণৰ বিজয় লক্ষ্যৰে খেলি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৭৬ ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমেৰিকাৰ হৈ এন্ড্ৰিজ গ’ছে ৮০ ৰাণ কৰি অপৰাজিত হৈ ৰয়। হৰমিত সিঙে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্রিকাৰ কাগিছো ৰাবাডাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে কেশৱ মহাৰাজ, এনৰিক নাৰ্খিয়া আৰু টবৰেজ ছামচিয়ে এটাকৈ...