November 29, 2024 10:41 AM

views 14

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতা আই চি চিৰ বৈঠক

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতা পাকিস্তানত অনুষ্ঠিত হ'ব নে নহয়, সেই বিষয়ে আলোচনা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে আজি ভার্চুৱেল পদ্ধতিৰে এখন বৈঠকৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখন অহা বছৰৰ ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হৈ মাৰ্চত সমাপ্ত হোৱাৰ কথা আছে যদিও পৰিষদে এই পর্যন্ত খেলসমূহৰ সূচী প্ৰকাশ কৰা নাই। পাকিস্তানত এই প্ৰতিযোগিতা আয়োজিত হ'লে ভাৰতে অংশগ্ৰহণৰ পৰা বিৰত থাকিব বুলি পৰিষদে পাকিস্তানৰ ক্ৰিকেট পৰিষদক লিখিতভাৱে জনোৱাৰ পাছত এই বৈঠকৰ আয়োজন কৰা হৈছে।