October 8, 2025 1:27 PM October 8, 2025 1:27 PM

views 16

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বিগত ছেপ্টেম্বৰৰ ‘প্লেয়াৰ অৱ দা মান্থ’ বঁটাৰ বাবে মনোনীত খেলুৱৈৰ তালিকা প্রকাশ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ, আই চি চি এ-য়ে বিগত ছেপ্টেম্বৰৰ প্লেয়াৰ অৱ দা মান্থ বঁটাৰ বাবে মনোনীত খেলুৱৈসকলৰ তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি পুৰুষৰ শিতানত ভাৰতৰ অভিষেক শর্মা আৰু কুলদীপ যাদৱক মনোনয়ন দিয়া হৈছে। তালিকাখনৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে জিম্বাব’ৱেৰ ব্ৰায়ান বেনেটে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰা সদ্য সমাপ্ত এছিয়া কাপত অভিষেক শর্মাই প্লেয়াৰ অৱ দা টুর্ণামেণ্টৰ সন্মান লাভ কৰিছিল। শৃংখলাটোত বাঁওহতীয়া বেটছমেনগৰাকীয়ে ৭ খন খেলত তিনিটা অর্ধশতকৰ সহায়েৰ...