June 28, 2024 2:57 PM

views 27

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পা...

May 6, 2024 12:30 PM

views 23

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৮ দিনৰ ভিতৰত দহটা দলে মুঠ ২৩খন খেল খেলিব। ২০২৩ চনৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্রিকাই টি-২০ মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৪ অক্টোবৰত ভাৰতীয় দলটো নিউজিলেণ্ডৰ মুখামুখি হ'ব।

April 30, 2024 7:34 PM

views 27

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দলটো ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকী সদস্যসকল হৈছে- যশস্বী জয়ছৱাল, বিবাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু ছেমচন, শিম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, য়ুজবেন্দ্ৰ চহল, অৰ্শ্বদীপ সিং, যশপ্রীত বুমৰাহ, মহম্মদ ছিৰাজ। বাছনি সমিতিয়ে লগতে অতিৰি...