January 16, 2026 12:34 PM

views 31

আই চি চি ১৯ বছৰ অনুর্ধ ক্রিকেট বিশ্বকাপ ২০২৬ৰ উদ্বোধনী খেলত ভাৰতৰ আমেৰিকাক ৬ উইকেটত পৰাস্ত

আই চি চি ১৯ বছৰ অনুর্ধ পুৰুষ ক্রিকেট বিশ্বকাপ ২০২৬ৰ উদ্বোধনী খেলত ভাৰতে আমেৰিকাক ৬ উইকেটত পৰাস্ত কৰিছে। জিম্বাবুৱেৰ বুলাৱায়োৰ কুইন্স স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত খেলখনত প্রথমে বেটিঙৰ বাবে আমন্ত্রণ লাভ কৰা আমেৰিকাই ৩৫ অ'ভাৰ আৰু দুটা বলত মাত্র ১০৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হেনিল পেটেলে ৫টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে আৰম্ভণিতেই বৈভৱ সূৰ্যবংশীৰ উইকেট হেৰুৱায় যদিও বৰষুণৰ বাবে খেলখন ৩৭ অভাৰলৈ হ্রাস কৰা হয়। পাছলৈ ৯৬ ৰানৰ সংশোধিত লক্ষ্য ভাৰতে সহজেই অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হেনিল পেটে...

November 4, 2025 8:08 PM

views 39

জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাৰ আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঐতিহাসিক বিশ্বকাপ জয়ৰ পাছত খেলখনত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ কৰিছে। অস্ট্রেলিয়াৰ বিৰুদ্ধে খেলা ছেমি ফাইনেলত শতক অৰ্জন কৰাৰ পাছত জেমিমাই প্ৰথমবাৰৰ বাবে শীৰ্ষৰ ১০ গৰাকী বেটাৰৰ ভিতৰত স্থান লাভ কৰিছে। আনহাতে, দীপ্তি শর্মাই নক-আউট পর্য্যায়ত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে অল ৰাউণণ্ডাৰ্ছৰ ভিতৰত চতুর্থ স্থানলৈ উন্নীত হৈছে।

November 1, 2025 12:14 PM

views 45

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন নবীমুম্বাইৰ ড০ ডি বাই পাটিল স্পোর্টছ একাডেমীৰ খেলপথাৰত বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই গুৱাহাটীত অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত জয় লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

October 30, 2025 12:31 PM

views 33

আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ মুখামুখি

ভাৰত আজি মহিলাৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পর্টছ একাডেমী খেলপথাৰত আৰম্ভ হ'ব। আকাশবাণীয়ে বিয়লি আঢ়ৈ বজাৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। ইপিনে, দক্ষিণ আফ্রিকা প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত কালি দক্ষিণ আফ্রিকাই ইংলেণ্ডক ১২৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। খে...

October 28, 2025 11:09 AM

views 54

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে বুক মাই শ্বত টিকট উপলব্ধ বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিয়ে।

October 24, 2025 12:37 PM

views 60

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত ছেমি ফাইনেলত প্ৰৱেশ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা নবী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্রথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নির্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। মান্ধানাই ১০৯ আৰু বাবলে ১২২ ৰান কৰে। নিউজিলেণ্ডক ডাক বৰ্থ লুইচ পদ্ধতিৰে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হয়। নিউজিলেণ্ডে নির্ধাৰিত অভা...

October 22, 2025 1:01 PM

views 40

আই চি চি মহিলা বিশ্বকাপত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কলম্বোত কালি নিশা অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ৪০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। ডি এল এছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। দলটোৰ হৈ ছুনে লুছে ৬১ ৰান আৰু মেৰিজেন কেপে ৬৪ ৰানৰ বৰঙণি আগবঢ়ায়। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ...

October 13, 2025 12:49 PM

views 45

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩ উইকেটত জয়লাভ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা বিশাখাপট্টমত অনুষ্ঠিত এখন খেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহৎ লক্ষ্য নির্ধাৰণ কৰি দিয়া সত্বেও পৰাজয়ৰ সন্মুখীন হয়। ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪৮ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩০ ৰান সংগ্ৰহ কৰে। অপেনাৰ স্মৃতি মন্ধানাই ৬৬টা বলত ৮০ ৰান কৰাৰ লগতে প্রতিকা ৰাৱলে ৭৫ ৰানৰ বৰঙণি আগবঢ়ায়। অস্ট্রেলিয়াৰ আনাবেল ছুথাৰলেণ্ডে ৫টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৩৩১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি অস্ট্রেলিয়াই ৪৯ অভাৰত ৭ উইকেটৰ বিনিময়ত নির্ধা...

October 8, 2025 9:03 PM

views 63

অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বেথ মুনিয়ে সৰ্বাধিক ১০৯ কৰে। পাকিস্তানৰ হৈ নাশা সান্ধুৱে ৩টা, ৰামিন শ্বামিম আৰু ফাতিমা ছানাই ২টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ বিশাখাপট্টনমত হ'বলগীয়া এখন খেলত ভাৰত ...

October 7, 2025 7:51 PM

views 36

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলত বাংলাদেশে ইংলেণ্ডক ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত জিকি ইংলেন্ডে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশে প্রথমে বেট ধৰি ৪৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে এই বাতৰি যুগুটোৱাৰ পৰলৈকে প্রথম দুই অভাৰত এটা উইকেট হেৰুৱাই ৬ ৰান সংগ্ৰহ কৰিছে। বিশ্বকাপত দুয়োটা দল ইতিমধ্যে নিজৰ নিজৰ প্ৰথম খেলত জয়ী হৈছে। ইংলেণ্ডৰ দলটোৱে দক্ষিণ আফ্রিকাক ১০ উইকেটত পৰাস্ত কৰি পৰৱৰ্তী...