June 17, 2025 12:33 PM

views 12

মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সময়সূচী ঘোষণা, গুৱাহাটীত হ’ব ৪খন মেচ

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ভাৰতত হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সময়সূচী ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট কন্ট্রোল ব'র্ডে জানিবলৈ দিয়া মতে এই প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেল গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ব'ৰ্ডৰ সচিব দেৱজিৎ শ‍ইকীয়াই কয়, যে বর্ষাপাৰা ষ্টেডিয়ামত ৭ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হোৱাৰ লগতে ১১ অক্টোবৰত ইংলেণ্ড বনাম শ্রীলংকা, ২৩ অক্টোবৰত ভাৰত বনাম নিউজিলেণ্ড আৰু ২৬ অক্টোবৰত ইংলেণ্ড বনাম নিউজিলেণ্ডে প...