July 15, 2024 8:22 PM

views 16

আজিৰে পৰা নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠা তথা প্ৰযুক্তি দিৱস

নতুন দিল্লীত আজি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠা তথা প্ৰযুক্তি দিৱস দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। কাৰ্যসূচীৰ প্ৰথম দিনা আজি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কৃষি তথা আনুসংগিক প্ৰযুক্তিসমূহৰ বিষয়ে জ্ঞান আহৰণৰ বাবে আমন্ত্ৰণ জনোৱা হয়। এই উপলক্ষে আয়োজিত কৃষি উদ্ভাৱন তথা প্ৰযুক্তি সম্পৰ্কীয় প্রদর্শনীতো শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। কৃষি আৰু কৃষক উন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰিব। এই অনুষ্ঠানত কৃষি তথা কৃষক উন্নয়ন ৰাজ্যমন্ত্ৰী ভগীৰথ চৌধুৰ...