March 9, 2025 9:13 PM

views 63

অসমৰ অনুৰাগ শ‍ইকীয়াৰ ২০২৫ বৰ্ষৰ আইফা ডিজিটেল শ্রেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান লাভ

জয়পুৰত অনুষ্ঠিত ২০২৫ বৰ্ষৰ আইফা ডিজিটেল পুৰস্কাৰ প্ৰদান অনুষ্ঠানত অসমৰ অনুৰাগ শ‍ইকীয়াই শ্রেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান লাভ কৰিছে। মিছমেটছড শীৰ্ষক ডিজিটেল ধাৰাবাহিকখনৰ তৃতীয় সংস্কৰণৰ ইস্ক হে শীৰ্ষক গীতটোৰ বাবে অসমীয়া সংগীত পৰিচালকজনলৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে শ্রেষ্ঠ শীর্ষ সংগীত শিতানত শ্ৰীশ‍ইকীয়াই এৰ আৰ ৰহমান আৰু সঞ্জয় লীলা ভাঞ্চালীৰ দৰে যশস্বী সংগীত পৰিচালকক অতিক্ৰম কৰি এই সন্মান লাভ কৰিবলৈ সমৰ্থ হয়। কালিৰ অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱট উপস্থিত থাকে।