August 12, 2025 8:32 PM August 12, 2025 8:32 PM
7
স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনৰ প্রস্তুতি প্রায় সম্পূৰ্ণ
স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক কার্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতে স্বাধীনতা দিৱস উদযাপনৰ বাবে তিনিচুকীয...