June 12, 2024 8:13 PM June 12, 2024 8:13 PM
10
স্বামীহাৰা মহিলাৰ কল্যাণ আৰু মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশ
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বামীহাৰা মহিলাসকলৰ কল্যাণ আৰু মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আয়োগে এনে মহিলাসকলে কল্যাণমূলক আঁচনিসমূহৰ লাভালাভ সহজে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে। নিৰ্দেশনাত তেওঁলোকৰ বাবে বাসগৃহৰ ব্যৱস্থা, সম্পত্তিৰ সম অধিকাৰ, শোষণৰ পৰা সুৰক্ষা, দক্ষতা বিকাশৰ ব্যৱস্থা, বেংকিং ব্যৱস্থাৰ সুবিধা, অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা আৰু স্বাস্থ্যৰ সুবিধাকে ধৰি ১০ টা বিশেষ দিশত গুৰুত্ব আৰোপ কৰা হৈছে...