June 3, 2025 8:10 PM

views 62

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ- ছাত্ৰীসকলৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভাস্বত শ‍ইকীয়া আৰু ধৃতিৰাজ মিশ্ৰকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০...

April 11, 2025 11:17 AM

views 32

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৬৩.৯৮%

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ঘোষিত ফলাফল অনুসৰি  মেধাৰ তালিকাত যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই প্ৰথম, কামৰূপ মহানগৰৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্শ্ব বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অবিৰ্বাণ বৰগোঁহাইয়ে তৃতীয় স্থান লাভ কৰিছে।