October 21, 2024 9:19 PM

views 30

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অনলাইন প’ৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন প’ৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। এই অনুসৰি sebaregistration.org শীর্ষক প’ৰ্টেলৰ জৰিয়তে ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি পৰিষদৰ সচিবে প্রকাশ কৰিছে। ইপিনে, অনলাইন মাচুল পৰিশোধৰ অন্তিম দিন ১৫ নৱেম্বৰ ধাৰ্য কৰা হৈছে। একেদৰে ১৮ নৱেম্বৰ পৰ্যন্ত চালানৰ ধন পৰিশোধ কৰিব পাৰিব। অনলাইন শুধৰণিৰ বাবে ৩০ নৱেম্বৰ অন্তিম দিন ধার্য কৰা হৈছে...