February 14, 2025 7:14 PM

views 34

কাইলৈ ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ ৪লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১৫ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত পৰিক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প...

February 14, 2025 12:53 PM

views 24

কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ ৪লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১৫ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত পৰিক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প...

February 11, 2025 2:52 PM

views 27

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাঃ বিভিন্ন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি

পৰহিলৈৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, স্মার্ট ঘড়ী, ইলেকট্রনিক পেন, কেলকুলেটৰ আদি সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, সততা আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি ...

February 11, 2025 11:16 AM

views 39

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসঙ্গত গোলাঘাট জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

■ সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে ৩ জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্রী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেকট্রনি...

November 25, 2024 8:14 PM

views 21

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী আজি ঘোষণা কৰিছে। এই পৰীক্ষা ৩ মাৰ্চলৈকে চলিব। পৰিষদে ঘোষণা কৰা অনুসৰি ব্যৱহাৰিক পৰীক্ষাসমূহ ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব। ইপিনে, পৰিষদে অহা বছৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে আজি পুনৰ প'ৰ্টেল মুকলি কৰিছে। সেই অনুসৰি প্ৰপত্ৰ পূৰণৰ বাকী থকা সকলো কাম কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। পৰিষদে এটা নিৰ্দেশনাত উল্লেখ কৰা মতে...

November 22, 2024 8:03 PM

views 32

অহা ২৫ নৱেম্বৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে পুনৰ প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় পৰিষদে ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত প'ৰ্টেল পুনৰ মুকলি কৰিব। সেই অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাকী থকা সকলো কাম ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। একেদৰে মাচুল আদায়ৰ অন্তিম তাৰিখ ২৭ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰ-পত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত আৰু বৃদ্ধি কৰা নহয় বুলি পৰিষদে স্পষ্টভাৱে জনাইছে। লগতে অফলাইনত কোনোধৰণৰ প্ৰ-পত্ৰ গ্ৰহণ কৰা নহয় বুলি প্ৰকাশ কৰিছে ।