April 5, 2025 12:28 PM

views 26

উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিল

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নির্বাচনী কাম-কাজত ব্যস্ত থকাৰ উপৰি ২০ মে' পর্যন্ত নির্বাচনী প্রক্রিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথমবৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষানুষ্ঠান বা শিক্ষা...